সাম্প্ৰতিক সময়ৰ এটি কু-কাৰ্যঃ শিশু নিৰ্যাতন - Ankurito sapon

Breaking

Saturday, February 1, 2020

সাম্প্ৰতিক সময়ৰ এটি কু-কাৰ্যঃ শিশু নিৰ্যাতন

 ✍ অমল বৰুৱা


দেশ তথা জাতিৰ ভৱিষ্যত হ'ল শিশুসকল।সেয়েহে এই শিশু সকলক সঠিকভাৱে গঢ় দিব পাৰিলেহে দেশ তথা জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব।কিন্তু সাম্প্ৰতিক সময়ত গোটেই বিশ্বতে ইয়াৰ ওলোটা প্ৰতিচ্ছবিহে দেখিবলৈ পোৱা গৈছে।উন্নত, উন্নয়নশীল অথবা অনুন্নত সকলো দেশৰ লগতে ভাৰততো শিশু নিৰ্যাতনে এক ভয়ানক ৰূপ লৈছে।

      শিশু নিৰ্যাতন হৈছে ১৮বছৰৰ তলৰ কোনো শিশু শাৰীৰিক, মানসিক, অৰ্থনৈতিক আৰু যৌন নিৰ্যাতনৰ বলি হোৱা মানৱ সমাজক কলংকিত কৰা এক কু-কাৰ্য।এই নিৰ্যাতন সমূহে শিশু এটাৰ ওপৰত শাৰীৰিক আৰু মানসিক ভাৱে বেয়া প্ৰভাৱ পেলাই,যাৰ ফলত ই শিশুৰ স্বাস্থ্য শিক্ষা আৰু বিকাশত হেঙাৰ হৈ থিয় দিয়ে।

     শিশু নিৰ্যাতনৰ দ্বাৰা মানৱ অধিকাৰ ভংগ হয়।সমগ্ৰ বিশ্বতে মানৱাধিকাৰ উলংঘা হোৱা প্ৰধান কাৰক সমূহৰ ভিতৰত শিশু নিৰ্যাতন অন্যতম কাৰক হিচাপে পৰিগণিত হৈছে।ভাৰতবৰ্ষত এই শিশু নিৰ্যাতনৰ বিষয়টো 'ভাৰত চৰকাৰৰ মহিলা আৰু বাল উন্নয়ন মন্ত্ৰালয় ২০০৫' য়ে চোৱা চিতা কৰে যদিও এই সমস্যাটো হ্ৰাস পোৱা নাই।শেহতীয়া ভাৱে মহিলা আৰু বাল বিকাশ মন্ত্ৰালয় আৰু NGO সমূহৰ দ্বাৰা প্ৰকাশিত তথ্যানুযায়ী শিশু নিৰ্যাতনৰ ক্ষেত্ৰত অসম তৃতীয় স্থানত আছে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত।প্ৰথম দিল্লী,দ্বিতীয় মিজোৰাম আৰু অসমৰ পাছতে আছে বিহাৰ।

     ই অতি লজ্জাজনক বিষয়।অসমীয়াৰ দৰে ৰক্ষণশীল জাতি এটাৰ ক্ষেত্ৰত ইয়াৰ বিষয়ে ভাৱিবই পৰা নাযায়।অসমত শিশু নিৰ্যাতন প্ৰতিৰোধৰ উদ্দেশ্যে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে।অসমে হৈছে দ্বিতীয় খন ৰাজ্য য'ত শিশু নিৰ্যাতনৰ সমস্যা সমাধানৰ বাবে তৎকালীন আদালত(Fastrack Court) ৰ প্ৰবৰ্তন কৰা হৈছে।এই আদালত কেইখনে শিশুৰ লগত হোৱা অপৰাধ, যৌন নিৰ্যাতন আৰু শিশুৰ অধিকাৰ খৰ্ব কৰা (IPC) ৰ অধীনৰ গোচৰ সমূহ অতি সোনকালে নিস্পত্তি ঘটায় দোষীক শাস্তি প্ৰদান কৰে।তথাপিও কিন্তু এই কু-কাৰ্য প্ৰতিদিনে বাঢ়ি হে গৈ আছে।

        অসমৰ পৰা নিৰ্যাতনৰ উদ্দেশ্যে চলনা কৰি নিয়া বহুতো সন্ধানহীন যুৱক-যুৱতী অন্ধ্ৰপ্ৰদেশ,কৰ্ণাটক, তামিলনাডু, বিহাৰত উদ্ধাৰ কৰা দেখা গৈছে।২০১৩ চনত বাল বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত পোহৰলৈ আহিছে যে এতিয়াও অসমৰ বহুতো যুৱতী সন্ধানহীন হৈ আছে আৰু অন্য প্ৰদেশত জবৰদস্তি বিবাহ বা যৌন কৰ্মী হিচাপে কাম কৰি আছে।এই কু-কাৰ্য নিবাৰণৰ বাবে অসম চৰকাৰৰ শিশু অধিকাৰ সুৰক্ষা কমিছনে' ৪ মাৰ্চ দিনটো ' শিশু অধিকাৰ সুৰক্ষা দিৱস' হিচাপে পালন কৰাটো থিৰাং কৰিছে যদিও এই সমস্যা ৰোধ কৰিব পৰা নাই।

 আমাৰ দেশ ভাৰতবৰ্ষত প্ৰতিদিনে বহু ধৰণৰ নিৰ্যাতন জনিত ঘটনা সংঘটিত হয় আৰু বেছি ভাগ ক্ষেত্ৰতে নিৰ্যাতনৰ বলি হয় নাৰী আৰু শিশু সকল।
    National crime records burue (NCRB) ৰ হাতত থকা তথ্য আৰু Times of india ৰ তথ্য অনুযায়ী বহুতো নিৰ্যাতন যাৰ কোনো তথ্য প্ৰকাশ নাপায় বা গোচৰ ৰুজু কৰা নহয় তেনে বহুতো নিৰ্যাতন ঘটিয়েই থাকে।আকৌ কিছুমান নিৰ্যাতন শিশুটোৱে বা অভিভাৱকে গম নোপোৱাকৈয়ে হয়।৫০% তকৈ অধিক নিৰ্যাতনৰ ঘটনা নিঃসহায়তা,ভয় অথবা লাজৰ বাবে পোহৰলৈ নাহে।অৱশ্যে এই নিৰ্যাতন সমূহৰ ধৰণ বেলেগ বেলেগ।যেনে―
শাৰীৰিক নিৰ্যাতন, মানসিক নিৰ্যাতন ও কন্যা সন্তানৰ অৱহেলা আৰু যৌন নিৰ্যাতন।
◆ শাৰীৰিক নিৰ্যাতন হ'ল সমাজ, পৰিয়াল বা বিদ্যালয়ত শিশুৱে শাৰীৰিক ভাবে হ'ব পৰা অপদস্থতা বা শাস্তি।
◆ মানসিক নিৰ্যাতন হৈছে এক জটিল প্ৰক্ৰিয়া, ই অদৃশ্য আৰু ইয়াক ধৰা পেলোৱাটো কঠিন।এই নিৰ্যাতনে শিশু এটাৰ মানসিক ,আত্মিক,নীতিগত বিশ্বাস আৰু সামাজিক ভাৱে হোৱা নিৰ্যাতনৰ অৱস্থাকে বুজায়।কন্যা শিশু সকলৰ ক্ষেত্ৰত মানসিক নিৰ্যাতনৰ প্ৰভাৱ বেছিকৈ পৰা দেখা যায়।কিয়নো কন্যা সন্তানৰ সৰ্বাংগীন উন্নতি, স্বাস্থ্য, পুষ্টি, শিক্ষা, আশ্ৰয়, সুৰক্ষা আৰু মানসিক বিকাশৰ প্ৰতি পৰিয়ালে কমকৈ গুৰুত্ব দিয়ে।ভাৰতীয় সমাজত কেৱল ল'ৰাই হে বংশ ৰক্ষা কৰিব পাৰে বুলি ভুল ধাৰণা আছে।সেয়ে ল'ৰাতকৈ ছোৱালীক কমকৈ গুৰুত্ব দিয়া, কমকৈ খাদ্য দিয়া, অন্য শিশুৰ শুশ্ৰষাকাৰী হিচাপে ব্যৱহাৰ কৰা ঘৰৰ কাম কৰোৱা আদিবোৰ আমাৰ সমাজত চলি অহা কন্যা শিশুৰ নিৰ্যাতনৰ লক্ষণ।

◆ যৌন নিৰ্যাতনৰ প্ৰধান কাৰণ হ'ল আমাৰ সমাজ তথা পৰিয়াল সমূহে শিশুৰ বিকাশৰ সময়ছোৱাত যৌন ক্ৰিয়া তথা যৌন সমস্যা সমূহৰ ওপৰত মুকলিকৈ কথা পতাৰ অনুমতি দিয়া নাই।যাৰ ফলস্বৰূপে শিশু এটিয়ে বলি হোৱা নিৰ্যাতনৰ বিষয়ে তেওঁলোকে আনৰ আগত প্ৰকাশ কৰিবলৈ সংকোচ কৰা দেখা যায়।যি দেশত মাকে জীয়েকৰ লগত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা সমূহৰ বিষয়ে আলোচনা কৰাত সংকোচ কৰে তেনে দেশত ছোৱালীয়ে যে কেতিয়াবা তাইৰ ওপৰত কোনোবাই যৌন নিৰ্যাতন চলাইছিল সেই বিষয়ে প্ৰকাশ কৰিব নোৱাৰে।যাৰ বাবে নিৰ্যাতনকাৰী জনে পুনৰাই নিৰ্যাতন কৰাৰ সুযোগ পায়।প্ৰায়ে এনে ঘটনা সংঘটিত হয় যে তেওঁলোকে নিজৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়ে গমেই নাপায় বা অনুভৱ কৰিব নোৱাৰে।যেতিয়া তেওঁলোক ডাঙৰ হয় তেতিয়া সেইবোৰ বুজি পায় কিন্তু তেতিয়ালৈকে বহু দেৰি হয় আৰু ইমানেই অসন্মানীয় আৰু লাজ লগা হৈ পৰে যে কাৰো আগতে প্ৰকাশ নকৰে।ইয়াৰ ওপৰিও আমাৰ সমাজত ছোৱালী এজনীৰ কুমাৰীত্বৰ ওপৰত সমাজে যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ে যাৰ ফলত কেতিয়াবা পৰিয়ালে ইয়াৰ বিষয়ে গম পালেও ইয়াক গোপনে ৰাখে।
সমাজৰ এই কু-প্ৰভাৱৰ পৰা শিশুবোৰে সাৰি যাব পৰা নাই বাবেই সিহঁতৰ শিশু অৱস্থাটো সুৰক্ষিত ভাবে পাৰ কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে।এই নিৰ্যাতনৰ প্ৰতিকাৰৰ বাবে চৰকাৰ তথা প্ৰশাসনে যথেষ্ট নীতি নিয়ম প্ৰণয়ন কৰিছে।চৰকাৰ খনৰ ওপৰিও সংবাদ মাধ্যম, সমাজ, পৰিয়াল তথা মাক দেউতাকৰো যথেষ্ট দায়িত্ব আহি পৰে।আনহাতে শিক্ষক সকলো ইয়াৰ পৰা বাদ নপৰে।

ওপৰত উল্লেখ কৰা নিৰ্যাতনৰ লক্ষণ সমূহ যদি কোনো ডাঙৰে শিশু এটিৰ ক্ষেত্ৰত লক্ষ্য কৰে তেনেহলে ভালদৰে শিশুটোক বুজাই আৰক্ষীৰ ওচৰ চাপিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটোও জৰুৰী।
ইয়াৰ ওপৰিও আমি শিশু সকলক এনে নিৰ্যাতনৰ বিপক্ষে নিজে থিয় হ'ব পৰাকৈ সাজু কৰি তুলিব লাগে।বৰ্তমান শিশু নিৰ্যাতনৰ বিপক্ষে চলি থকা NGO সমূহে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰ তথা কৰ্মশালা বোৰত শিশু আৰু পিতৃ মাতৃ উভয়ে অংশগ্ৰহণ কৰিব লাগে।আমি নিজেও শিশু সকলক কিছুমান অৰ্হতা আহৰণ কৰাব পাৰো।যেনে― জীৱন নিৰ্বাহৰ অৰ্হতা, সমাজৰ লগত মিলি চলিব পৰা তথা সজাগ হোৱাৰ অৰ্হতা, সমস্যা সমাধানৰ অৰ্হতা, ডাঙৰক মুকলিকৈ কথা কোৱাৰ অৰ্হতা আৰু আত্ম সুৰক্ষাৰ অৰ্হতা আদি।যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব পাৰ।

মানৱ সমাজক ভূ-লুণ্ঠিত কৰা এনে কাৰ্যই মানৱ সম্পদ ধংসৰ প্ৰধান কাৰণ। আনহাতে যেতিয়ালৈকে দৰিদ্ৰতা চলি থাকিব তেতিয়ালৈকে চলি থাকিব এই কু-কাৰ্য।সেয়েহে জনসাধাৰণৰ মাজত সচেতনতা আৰু দৰিদ্ৰতা নিৰ্মূল এই দুয়োটা দিশতে সমানে গুৰুত্বৰ প্ৰয়োজন।
শেষত ক'ব পাৰি যে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ মানসিকতা সলনি কৰি এই নিৰ্যাতনৰ বিপক্ষে জনজাগৰণ সৃষ্টি কৰিলেহে সমগ্ৰ বিশ্বখন শিশুৰ বাবে সুৰক্ষিত হ'ব।●●●
উৎস ―বাতৰি কাকত , ইন্টাৰনেট আৰু বিভিন্ন লেখাৰ সহায় লোৱা হৈছে।

No comments:

Post a Comment