উপকৰণসমুহঃ―
●কেঁচামটৰ একবাটি
●গুটা জিৰা একচামুচ
●গুটাধনীয়া একচামুচ
●গুটা জালুক তিনিটা
●শুকান জলকীয়া দুটা
●নিমখ সোৱাদ মতে
●হালধি একচামুচ
●জিৰা গুৰি আধাচামুচ
●জলকীয়া গুৰি আধাচামুচ
●চেনী আধাচামুচ
●গৰমমচলা আধাচামুচ
●মিঠাতেল দুইচামুচ
●ধনীয়পাত কেইখিলামান
●কুহুমীয়া পানী একাপ
●আদা এটুকুৰা
●আলু এটা ডাঙৰ আকাৰৰ
●কেঁচা জলকীয়া এটা
প্ৰণালী―
মটৰ খিনি বাকলি গুচাই ধুই ললো।মটৰৰ বাকলি কেইটামানো ওপৰৰ ডাঠ আৱৰণটো গুছাই হাতেৰে টুকুৰা কৰি লৈ ধুই একেলগে মিস্কিত পিচি লৈছো কেৱল মাত্ৰ এবাৰ ঘুৰাই একেবাৰে মিহি নকৰাকৈ।
গুটা জীৰা,ধনীয়া, জালুক,আদা,জলকীয়া তেনেকৈ পিচি লৈছো একেবাৰে মিহি নকৰাকৈ।আলুটো বাকলি গুছাই ধুই টুকুৰা টুকুৰ কৰি লৈছো ।
এতিয়া গৰম কেৰাহীত তেল দুচামুচ দি গৰম হোৱাত গোটা জীৰা খিনি দি ভাজি কেঁচাজলকীয়া টো দি ভালকৈ ভাজি পিচি ৰখা মচলা খিনি দি ভাজিলো। মিস্কিত জাৰত ৰোৱা মচলা খিনিত অকণমান পানী দি লৰাই তাতে দি ভাজি লৈ মচলাই তেল এৰাত আলু কেইটুকুৰা দি ভাজি জিৰা,ধনীয়া, জলকীয়া গুৰি দি অলপ লৰাই নিমখ আৰু হালধি দিলো । দুইমিনিট ঢাকি দি আকৌ লৰাই চেনী আধাচামুচ দি লৰাই সামান্য পানী দি আকৌ ঢাকোন দি উতলিব দিলো। আলু সিজাত আকৌ লৰাই লৈ পিচি ৰখা মটৰ খিনি দি এটা শুকান জলকীয়া টুকুৰা কৰি দিলো ।লৰাই লৰাই ভাজি মটৰৰ ৰং সলনি হৈ পানী শুকাই যোৱাত ভালকৈ লৰাই লৈ একাপ কুহুমীয়া পানী দি ঢাকোন মাৰি উতলিব দিলো উতলি গ্ৰেভী হোৱাত মিহিকৈ ধনীয়া কুটি দি ওপৰত গৰম মচলা দি লৰাই আকৌ ঢাকোন দি গেচ অফ কৰিলো। কিছুসময় ৰাখি গৰমে গৰমে পৰিবেশন কৰিলো।
No comments:
Post a Comment